This is a Clilstore unit. You can .
তুমি মোৰ উৎস সৰোবৰ
কবি: বিপুলজ্যোতি শইকীয়া
নদীৰ দৰে মই উলটি আহোঁ তোমাৰ ওচৰলে’
তুমি আঁকোৱালী লোৱা মোৰ অপৱিত্ৰ মুখ ।
মোৰ কবিতাৰ স’তে থাকে তোমাৰ স্পৰ্শৰ শব্দ
মেঘৰ দৰে তোমাৰ অনিবাৰ্য ঠিকনা
সংগোপনে সাৰে থাকে গভীৰ বুকুত
পাহাৰী জুৰিৰ বুকুত যি দৰে অঁকা থাকে ভৈয়াম স্পৰ্শৰ আকুলতা ।
অবাটেৰে গৈ মই বাৰে বাৰে উলটি আহোঁ তোমাৰ ওচৰলে’
তুমি চুম্বন কৰা মোৰ পথৰ ক্লান্তি, দীৰ্ঘ শ্ৰমৰ দুখ ।
ইমান বিষাদ লৈ কেনেকৈ উৰি যায় তোমাৰ ওঁঠৰ চৰাই,
কেনেকৈ সেউজীয়া হয় তোমাৰ নীলকণ্ঠ কৰতল, মোৰ দগ্ধ বুকুৰ
হাতত
কেনেকৈ তুলি দিয়া অৰন্যৰ প্ৰথম প্ৰভাত ।
সকলো শূন্যতাৰ পৰা মই উলটি আহোঁ তোমাৰ ওচৰলে’
তুমি ক্ষমা কৰি দিয়া মোৰ নষ্ট ভৰিৰ
অপৰাধী খোজ, মোৰ অপ্ৰতিদ্বন্দ্বী পাপ ।
নদীৰ দৰে মই উলটি আহোঁ তোমাৰ ওচৰলে’
তুমিয়েই যে মোৰ উৎস সৰোবৰ
Short url: https://clilstore.eu/cs/8111